অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড গুলীয়াগুলী, সেনাৰ গুলীত নিহত NSCN(IM) কেডাৰ

NSCN(IM) cadres killed in Assam-Arunachal border

অশান্ত অসম-অৰুণাচল সীমান্ত। অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা। NSCN আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষত নিহত NSCN কেডাৰ।

নিষিদ্ধ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ বিৰুদ্ধে অব্যাহত আছে সেনাৰ ব্যাপক অভিযান। ভাৰতীয় সেনাৰ ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ নেতৃত্বত যোৱা ৮ নৱেম্বৰৰ পৰা অভিযান চলি আছে অসম-অৰুণাচল সীমান্তত।

দেওবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেউমালিৰ কুটুম অঞ্চলত NSCN(IM) আৰু সেনাৰ মাজত হয় প্ৰচণ্ড সংঘৰ্ষ। অভিযানত এজন NSCN(IM)ৰ কেডাৰ নিহত হোৱাৰ লগতে আন এজন কেডাৰ গুৰুতৰভাৱে আহত হয় ৷ নিহত কেডাৰকেইজনৰ পৰা সেনাই উদ্ধাৰ কৰে এটা Ak-56 ৰাইফলৰ লগতে বৃহৎ পৰিমাণৰ গুলী আৰু মাৰণাস্ত্ৰ।

অভিযানৰ সময়ত সেনাৰ দলটোৱে  NSCN(IM)ৰ কেইবাটাও অস্থায়ী শিবিৰ উৎখাত কৰে ৷ আনহাতে, এতিয়াও টিৰাপ চাংলাং জিলাৰ বিভিন্ন অঞ্চলত ভাৰতীয় সেনাই উগ্ৰপন্থীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷

Category
Profile picture for user UB Photos