দশমীৰ দিনাই অঘটন! মহানগৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ...

Basistha murder case, One found dead

দুৰ্গা পূজাৰ ধামখুমীয়াৰ মাজতে গুৱাহাটী মহানগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰে পুৱা মহানগৰৰ পাটৰকুছিত উদ্ধাৰ কৰা হয় এটা মৃতদেহ।

দশমীৰ দিনাই পুৱাৰ ভাগত ৰচীৰে ওলোমাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো। উদ্ধাৰ কৰা মৃতদেহটো ৰাজ বৰদলৈ ওৰফে টনীৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰং কৰা মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল মৃত ৰাজ বৰদলৈ।

অতি অমায়িক প্ৰকৃতিৰ ৰাজৰ শৰীৰত সুস্পষ্ট আঘাতৰ চিন। অৱশ্যে যুৱকজনৰ এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও পোহৰলৈ অহা নাই। পিছে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্ততহে পৰৱৰ্তী সময়ত ফাদিল হ'ব ৰহস্য।

Category
Profile picture for user UB Photos