ধিক্ মানবতা! চোকা অস্ত্ৰৰে দুয়োখন কাণ কাটি দিলে

Cow Ear Cutting

যি সময়ত চৰকাৰে গো সুৰক্ষা আইন বলবৎ কৰিছে সেই সময়ত একাংশ দুস্কৃতিকাৰীয়ে চলাইছে গো-ধনৰ ওপৰত জঘন্য অত্যাচাৰ।

গোৱালপাৰাৰ ভালুকডুবিৰ এটা গৰুৰ দুয়োখন কাণ চোকা অস্ত্ৰৰে কাটি দিছে এজন লোকে। চিকিৎসাৰ বাবে গৰুটোক অনা হৈছে পশু চিকিৎসা কেন্দ্ৰলৈ।

জানিব পৰা মতে, গোৱালপাৰাৰ ভালুকডুবি টিলাপাৰাৰ বাসিন্দা বিপদ ভঞ্জন মণ্ডলে নিজৰ গৰুটো বান্ধি দিছিল ঘাঁহ থকা পৰিত্যক্ত এডোখৰ ঠাইত। সেই সময়তে বানেশ্বৰ বিহাৰী নামৰ লোকজনে চোকা অস্ত্ৰৰে গৰুটোৰ কাণ দুখন কাটি দিয়া বুলি অভিযোগ দিয়ে গৰুৰ মালিকে।

ইয়াৰ পূৰ্বেও উক্ত লোকজনে সেই ঠাইত গৰু বান্ধি দিলে কাটিম বুলি ধমকি দি অহা বুলিও অভিযোগ দিয়ে গৰুটোৰ মালিকে।

Category
Profile picture for user UB Photos