নাবালক সকলক চিম কাৰ্ড জাৰী কৰিব নালাগে: ডট

Sim Card

নাবালকসকলক আৰু চিম কাৰ্ড জাৰী কৰিব নোৱাৰিব কিয়নো দূৰসংযোগ বিভাগে জনাই যে এতিয়াৰ পৰা, ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিয়ে দেশৰ কোনো টেলিকম অপাৰেটৰৰ পৰা চিম কাৰ্ড ক্ৰয় কৰিব নোৱাৰে।

ইয়াত কোৱা হয় যে, এজন নাবালক বা অযোগ্য ব্যক্তিক চিম কাৰ্ড বিক্ৰী কৰাটো এতিয়া অবৈধ কাৰ্যকলাপ হিচাপে গণ্য কৰা হ'ব।

চিম কাৰ্ড এখন ল'বলৈ, এজন ব্যক্তিয়ে গ্ৰাহক অধিগ্ৰহণ প্ৰপত্ৰ (চি.এ.এফ.) পূৰণ কৰিব লাগিব, যি হৈছে মূলতঃ গ্ৰাহক আৰু টেলিকম সেৱা প্ৰদানকাৰীৰ (টি.এছ.পি.) মাজত এক চুক্তি। 

চুক্তিখন ভাৰতীয় চুক্তি আইন, ১৮৭২ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, য'ত কোৱা হয় যে চুক্তি কৰা ব্যক্তিজনৰ বয়স কমেও ১৮ বছৰ বা ২১ বছৰ হ'ব লাগে যদি আদালতে তেওঁক আইনী অভিভাৱক নিযুক্ত দিয়ে। যদি নহয়, চুক্তিখন আদালতৰ দৃষ্টিত বৈধ নহয়।

যিহেতু ই টি.এছ.পি. আৰু গ্ৰাহকৰ মাজত এক চুক্তি, কেৱল যোগ্য প্ৰাপ্তবয়স্কসকলেহে চুক্তি কৰিব পাৰিব, ডি.ও.টি.-য়ে কয়।

মন কৰিবলগীয়া যে, এজনে তেওঁৰ নামত সৰ্বাধিক ১৮ খন চিম কাৰ্ড ক্ৰয় কৰিব পাৰে। তাৰে নটা মোবাইল কলৰ বাবে আৰু আন নটা এম ২ এম যোগাযোগৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

Category