‘সন্ত্ৰাসবাদক ৰাজনৈতিক অস্ত্ৰ হিচাপে গ্ৰহণ কৰাটো ক্ষতিকাৰক’-ৰাষ্ট্ৰসংঘৰ অধিৱেশনত পাকিস্তানক কঠোৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

PM Modi slams Pakistan in UN General Assembly Speech

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানক সমলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পাকিস্তানে ৰাজনৈতিক অস্ত্ৰ হিচাপে সন্ত্ৰাসবাদক গ্ৰহণ কৰা কাৰ্যক সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰীয়ে চীনৰ দীৰ্ঘদিনীয়া গোলকীয় শাসনত ক’ভিড-১৯ পৰিস্থিতিৰ বাবে কিছু প্ৰভাৱ পৰা বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে, দেশৰ স্থান উন্নীতকৰণৰ বাবে চীনৰ বিৰুদ্ধে বিশ্ব বেংকৰ তথ্য হেৰফেৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে। আনকি ক’ভিড-১৯ৰ উৎপত্তিৰ কথাটোও অমীমাংসিত হৈ থকাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

ৰাষ্ট্ৰসংঘৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়ায়। ভাৰতক গণতন্ত্ৰৰ মাতৃ হিচাপে উল্লেখ কৰি কয় যে, ভাৰতৰ গণতন্ত্ৰক দেশৰ বৈচিত্ৰ্যৰ বাবে বিশেষভাৱে জনা যায়।

ভাষণৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ বাবে দিয়ে এটা শক্তিশালী বাৰ্তা। তেওঁ কয় যে, যিকেইখন দেশে সন্ত্ৰাসবাদক ৰাজনৈতিক আহিলা হিচাপে গ্ৰহণ কৰিছে, তেওঁলোকে এই কথা বুজাটো প্ৰয়োজনীয় যে, সন্ত্ৰাসবাদ তেওঁলোকৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। সন্ত্ৰাসবাদ বিয়পাবলৈ আফগানিস্তানৰ ভূখণ্ড যাতে ব্যৱহাৰ কৰা নহয় সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।’

মোদীয়ে এই ভাষণ দিয়াৰ পিছতে উপস্থিত সকলোৱে প্ৰধানমন্ত্ৰীগৰাকীক হাত চাপৰিৰে সম্ভাষণ জনায়।

Category