দেশৰ শ্ৰমিকৰ বাবে বিশেষ ই- শ্ৰম পৰ্টেল মুকলি

Special e-labour portal opened for country's workers

দেশৰ শ্ৰমিক সকললৈ সু  খবৰ । এতিয়াৰ পৰা দেশৰ শ্ৰমিকে লাভ কৰিব চৰকাৰৰ পৰা পোনপটীয়াকৈ সকলো সুবিধা।

দেশৰ শ্ৰমিকৰ বাবে বিশেষ ই- শ্ৰম  নামাৰে এটা পৰ্টেল মুকলি।

যত ১৬ ৰ পৰা ৫৯ বছৰৰ সকলো শ্ৰমিকে আবেদন কৰিব পাৰিব। আবেদনৰ সময়ত দিব লাগিব আধাৰ কাৰ্ড, বেংক পাছবুক , ফোন নম্বৰ।

আবেদন কৰা পিছতে হিতাধিকাৰি নামত পঞ্জীয়ন হব ২লাখকৈ বীমা। 

ভাৰতবৰ্ষত মুঠ  ৩৮ কোটি অসংগঠিত শ্ৰমিক আছে। বৰ্তমানলৈ ১কোটি ৩০ লাখ শ্ৰমিকে আবেদন কৰিছে আৰু অসমত ৫লাখে আবেদন কৰিছে।

শ্ৰমিক সকলে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহনা আছে। শ্ৰমিকক সকলো সুবিধা দিব কাৰণে ই শ্ৰম কাৰ্ড দিয়া হৈছে।

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ বাণী কান্ত কাকতি পেক্ষাগৃহত  কেন্দ্ৰিয় ৰাজ্যিক শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসমৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয়  কৃশানে ই শ্ৰম পঞ্জীয়ন মুকলি কৰি অনুষ্ঠানিক ভাবে ই শ্ৰম কাৰ্ড প্ৰদান কৰে। শ্ৰমিক সকলক সুবিধা কাৰণে ভাৰত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

Category
Profile picture for user UB Photos