
সোমবাৰ নিশা নগাঁও বাইপাছত ডকাইতৰ তাণ্ডব ৷ গাড়ী চালকৰ হাতত ধন নথকাত গুলীচালনা ডকাইতৰ। গুলিচালনাত আহত হয় সুমন দাস নামৰ এজন যুবক ৷
সোমবাৰে নিশা এ এছ ২৫ ই চি ৬৫১৫ নম্বৰৰ কুৰিয়াৰ চাৰ্ভিছৰ গাড়ীৰে চালক সুমন দাস আৰু সহযোগী হৰ্ষজিৎ দাস হাফলঙলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো ৷ গুৱাহাটীৰ পৰা আহি থকা সময়ত বাইপাছৰ ঝাৰনি নামৰ স্থানত ডকাইতে বাট ভেটি ধৰে আৰু গাড়ীৰ পৰা নমাই সুমন আৰু হৰ্ষজিৎৰ মানিবেগ আৰু মবাইল কাঢ়ি লয়৷ ইয়াৰোপৰি আৰু অধিক ধন বিছাৰে। ধন নথকাত চালকজনৰ ডিঙিত গুলীয়াই দিয়ে। ঘটনা সংঘটিত কৰিয়েই ডকাইতৰ দলটো সেই স্থানৰ পৰা পলাই যায় ৷
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গুলীবিদ্ধ সুমনক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ পৰা প্ৰেৰণ কৰে যদিও চিকিৎসকে উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷
ডকাইতৰ দলটোৰ সন্ধানত বৰ্তমানে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
- Log in to post comments