নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছতে আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম-কাজ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক লগত লৈ দেওবাৰে পৰ্যবেক্ষণ বৈঠকত বহিল মুখ্যমন্ত্ৰীগৰাকী।
এই বৈঠকৰ পাছতে নিমাতীঘাট-মাজুলীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তত চলি থকা ফেৰী সমূহৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰে –
ফেৰীত উঠাৰ পূৰ্বে সকলো যাত্ৰীয়ে লাইফ জেকেট পিন্ধিব লাগিব।
১৯খন ব্যক্তিগত খণ্ডৰ ফেৰীত মেৰিন ইঞ্জিন আৰু উন্নত সেৱা সংযোজন কৰি ছয় মাহৰ ভিতৰত মাজুলী-যোৰহাট সংযোগী সেৱাত চলাচল কৰাৰ ব্যৱস্থা কৰা হ’ব।
ছিংগল ইঞ্জিনৰ ফেৰী সেৱা বাতিল। দুখন ৰ’-পেক্সসহ চৰকাৰী ছয়খন ফেৰী মাজুলী-যোৰহাট সংযোগী হৈ চলাচল কৰিব।
ফেৰীত উঠা সকলো যাত্ৰীক টিকট দিয়া আৰু যাত্ৰীৰ নাম-ঠিকনা, যোগাযোগ নম্বৰ পঞ্জীয়ন কৰাতো বাধ্যতামূলক হ’ব৷ ইয়াৰ বাবে মাজুলীত এজন দণ্ডাধীশ আৰু যোৰহাটত এজন দণ্ডাধীশে সকলো তদাৰক কৰিব৷ দণ্ডাধীশ দুয়োজনে প্ৰতিদিনৰ প্ৰতিবেদন জিলা উপায়ুক্তৰ হাতত দাখিল কৰিব লাগিব ৷
ফেৰীৰ ইন্ধনৰ বাবে বিত্ত বিভাগৰ চিলিঙৰ প্ৰয়োজন নহ’ব।
ফেৰী ঘাটসমূহলৈ সঘনে মাজুলী আৰু যোৰহাটৰ জিলা উপায়ুক্তই পৰিদৰ্শন কৰিব ৷ আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালক আৰু পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলে সঘনাই ঘাটসমূহলৈ যাব লাগিব ৷
ঘাটসমূহত প্ৰস্বাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব ৷
ফেৰী চালক, পৰিচালক আৰু ঘাটত থকা নিয়ন্ত্ৰকৰ মাজত উপযুক্ত নেটৱৰ্কৰ দ্বাৰা যোগাযোগ ৰক্ষা কৰিব লাগিব৷ চৰকাৰে ঘাটৰ তত্ত্বাৱধায়কক SIM যোগান ধৰিব ৷
ফেৰীসমূহ যাতায়াতত ব্যৱহাৰ কৰাৰ বাবে অডিট হ’ব৷ উপযুক্ত আভ্যন্তৰীণ জল পৰিবহণ বিষয়াই জৰীপ কৰি ফেৰীসমূহ ব্যৱহাৰৰ বাবে উপযুক্ত বুলি ব্যৱহাৰযোগ্য পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব। সকলো ফেৰীৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব ৷
ফেৰীৰ মাষ্টাৰ আৰু ক্ৰিউসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব। মাজুলীত এটা SDRFৰ দলে কেম্প কৰি থাকিব ৷
ৰাজ্যৰ ৮৫০খন ব্যক্তিগত নাঁৱত মেৰিন ইঞ্জিন সংযোগ বিনামূলীয়াকৈ চৰকাৰে কৰি দিব ৷ এয়া জীৱনদিঙা আঁচনিৰ অধীনত হ’ব।
প্ৰতিটো ঘাটত স্বাস্থ্য কেম্প স্থাপন কৰা হ’ব৷ অভাৰলোড কোনোপধ্যেই কৰিব নোৱাৰিব ৷ ফেৰীৰ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অনুমতি বাধ্যতামূলক ৷
- Log in to post comments