তালিবান চৰকাৰক লৈ উদ্বিগ্ন ভাৰত

India concerned about Taliban government

সন্ত্রাসবাদী সংগঠন তালিবানে আফগানিস্তান দখলৰ পিছত সৃষ্ট পৰিস্থিতিক লৈ প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে৷ অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ সৈতে ভাৰতৰ একেই বিভাগৰ মন্ত্রীদ্বয়ে বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্রীয় বৈদেশিক মন্ত্রী জয়শংকৰে কয় যে, তালিবান চৰকাৰক লৈ উদ্বিগ্ন ভাৰত৷

উল্লেখ্য যে, অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী মাৰিছে পাইনে আৰু প্রতিৰক্ষা মন্ত্রী পিটাৰ ডুট্টনৰ ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত দুয়োখন দেশে আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰে৷

Category
Profile picture for user UB Photos