ৰাজপথত শ্ৰৱণ কুমাৰ, পিতৃ-মাতৃক ভাৰত উঠাই ম্যানমাৰৰ পৰা বাংলাদেশ পালেহি শ্ৰৱণ কুমাৰ

Shravan Kumar on the streets, parents picked up India and from Myanmar to Bangladesh Palehi Shravan Kumar

এখন ভাৰত ৰোগীয়া পিতৃ-মাতৃক তুলি ম্যানমাৰৰ পৰা বাংলাদেশ পালেহি এজন লোক। কান্ধত ভাৰ ওলোমাই বয়সীয়া পিতৃ-মাতৃক বহাই সাত দিনৰ যাত্ৰা কৰি অৱশেষত বাংলাদেশ পালেহি এজন ব্যক্তি।

খোজ কাঢ়িবলৈ অপাৰগ পিতৃ-মাতৃক ভাৰত লৈ অহা ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে প্ৰতিষ্ঠিত ব্যৱসায়ী হৰ্ষ বৰ্ধন গোয়েংকাই।

 

এই ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখে যে, ” ম্যানমাৰৰ এই মানুহজনে সাতদিন ধৰি ৰোগীয়া পিতৃ-মাতৃক কান্ধত লৈ খোজকাঢ়ি আহি  লক্ষ্যস্থান বাংলাদেশত উপস্থিত হয়। ”

এই ফটোখনে এজন পুত্ৰৰ নিজ পিতৃ-মাতৃৰ প্ৰতি থকা অগাধ মৰম-ভালপোৱাৰ কথা উদঙাইছে। যদিও ৰোগীয়া পিতৃ-মাতৃ খোজ কাঢ়িবলৈ অপাৰগ, তথাপি পুত্ৰই শ্ৰৱণ কুমাৰৰ দৰেই পিতৃ-মাতৃক কান্ধত লৈ অহা এই ফটোখন এতিয়া আদৰি লৈছে সকলোৱে।

Category
Profile picture for user UB Photos