আজিৰ পৰা পুনৰ ২৫ টকাকৈ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

Domestic cooking gas prices rise by Rs 25 again from today

সাধাৰণ জনতাক মাধমাৰ, আজিৰ পৰা ২৫ টকাকৈ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

দেশজুৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰ’ল-ডিজেলৰ পিছত পুনৰ এবাৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য।

ছেপ্তেম্বৰ মাহৰ প্ৰথম দিনটোতে অৰ্থাত বুধবাৰৰ পৰা প্ৰতিটো ১৪.৫ কিলোগ্ৰাম ৰাজসাহায্যবিহীন ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি পাইছে।

সম্প্ৰতি দিল্লীত এটা চিলিণ্ডাৰৰ মূল্য হৈছে ৮৮৪.৫০ টকা, চেন্নাইত ৯০০.৫০ টকা আৰু মুম্বাইত ৮৮৪.৫ টকা।

ইফালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও আজিৰ পৰা ৭৫ টকাকৈ বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে, চলিত বছৰৰ জানুৱাৰি মাহৰ পৰা ১ ছেপ্তেম্বৰলৈকে সৰ্বমুঠ ১৯০ টকা বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য।

যোৱা সাত বছৰত ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে দুগুণ।

Category
Profile picture for user UB Photos