টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰালিম্পিকৰ পৰা পুৱাই আহিছে এই সুখবৰটো। পেৰালিম্পিকৰ পৰা ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক। এই গৌৰৱ জয় কৰিবলে সক্ষম হৈছে ১৯ বছৰীয়া অবনী লেখাৰাই।
মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ হৈ সোনৰ পদক লাভ কৰিলে অবনী লেখাৰাই। এইয়া পেৰালিম্পিকত শ্বুটিঙত ভাৰতৰ ইতিহাসৰ প্ৰথমটো সোণৰ পদক।
মুঠ ২৪৯.৬ স্কোৰ কৰি সোণ কাঢ়িলে অবনীয়ে।
Category
- Log in to post comments