পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হ’ল এটা পথ

পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হ’ল এটা পথ

#news_time_assam
#ub24x7 #INDIA #ASSAM #New technology #Construction

বঙাইগাঁৱত নৱ প্ৰযুক্তিৰে পথ নিৰ্মাণ গড়কাপ্তানি বিভাগৰ।

  বঙাইগাঁৱত প্ৰদূষণ ৰোধ আৰু পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে গড়কাপ্তানি বিভাগে লৈছে ইতিবাচক পদক্ষেপ।

পেলনীয়া প্লাষ্টিকৰ পৰা "চেল ফিলড"(cell filled) পদ্ধতিৰে নিৰ্মাণ কৰা হল পথ।

   প্ৰদূষণ ৰোধ তথা পৰিৱেশ ভাৰসাম্যতা ৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শেহতীয়াকৈ বঙাইগাঁৱত গড়কাপ্তানি বিভাগে পেলোনীয়া প্লাষ্টিক শোধন কৰি চেল ফিল্ড নামৰ এটা নৱ প্ৰযুক্তিৰে পথ এটাৰ নিৰ্মাণ কাৰ্য চলাই আছে৷ বঙাইগাঁও সদৰ চহৰৰ সমীন্তৱৰ্তী যোগীপাৰাত ৭০০ মিটাৰ দৈঘ্যৰ পথচোৱা উক্ত পদ্ধতিৰ সহায়ত নিৰ্মাণ কৰি আছে গড়কাপ্তানি বিভাগে।

বিভাগটোৰ অভিযন্তা বিশ্বজিৎ গোস্বামীয়ে জানিব দিয়ামতে এই পদ্ধতিত নিৰ্মাণ ব্যয় যথেষ্ট কম হোৱাৰ লগতে পথৰ আয়ু দীৰ্ঘ ম্যাদী হয়৷

 

 

 

Category
Profile picture for user UB Photos