পুহমহীয়া শীতৰ বোকোচাত উঠি আহিল অসমীয়াৰ আদৰৰ ভোগালী বিহু

পুহমহীয়া শীতৰ বোকোচাত উঠি আহিল অসমীয়াৰ আদৰৰ ভোগালী বিহু

        পুহমহীয়া শীতৰ বোকোচাত উঠি আহিল অসমীয়াৰ আদৰৰ ভোগালী বিহু।আজি হেঁপাহৰ ভোগৰ উৎসৱ ভোগালী বিহু শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া  পাৰভঙা উছাহ।

        উৰুকা নিশা সকলোৱে ভেলাঘৰত  লগে-ভাগে এসাজ মাছে-মঙহে খোৱাৰ পিছত আজি পুৱাতে মেজি দাহ কৰে। ৰাজ্যজুৰি সকলোৰে মাজত এতিয়া দেখিবলৈ পোৱা গৈছে উছাহ।ইয়াৰ মাজতে বিভিন্নজনে জনাইছে বিহুৰ শুভকামনা।

      দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ টুইটাৰ হেন্দেলৰ যোগে ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছে।একেদৰে কেন্দ্ৰীয় মন্ত্ৰীত্ৰয় ড: হৰ্ষবদ্ধন ,স্মৃতি ইৰাণী,হৰদ্বীপ সিং পুৰী,বলিউডৰ বলিষ্ঠ অভিনেতা হ্ৰদিক ৰোছন,মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,কণাৰ্টকৰ মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পা,ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ, অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাওলা মেইলেও বিহুৰ ওলগ জনাই ৰাজ্যবাসীলৈ ।

Category
Profile picture for user UB Photos