আজি গুৱাহাটী পাবহি ক'ভিড ভেকচিন!

আজি গুৱাহাটী পাবহি ক'ভিড ভেকচিন!

      ক'ভিড কেন্দ্ৰীক পৰিবেশৰ মাজত এটা বছৰ অতিক্ৰম কৰিছিল সমগ্ৰ বিশ্ব।সকলোৱে অতি উৎকন্ঠাৰে অপেক্ষা কৰিছিল কেতিয়া আহিব কৰ'ণা প্ৰতিৰোধী ভেকচিন । সকলো উৎকন্ঠাৰ অৱসান ঘটাই ইতিমধ্যে আৱিস্কাৰ হ'ল ক'ভিড ভেকচিন ।

       শেহতীয়াকৈ সকলো জল্পনা-কল্পনাৰ  অন্তত মংগলবাৰে গুৱাহাটী পাবহি কৰ'ণাৰ ভেকচিন ক'ভিশ্বিল্ড।এই কথা সদৰি কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে। ইয়াৰ সমান্তৰালকৈ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈও আহিব ক'ভিশ্বল্ড।পুনে ছেৰাম ইনষ্টটিউটৰ পৰা ১৩ স্থানলৈ ভেকচিন প্ৰেৰণ কৰিছে ।

     ইতিমধ্যে প্ৰেৰণ কৰা হৈছে প্ৰায় ৫৬ লাখ ৫০ হাজাৰ ভেকচিন ।সকলো ঠিকে থাকে থাকিলে অহা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভেকচিন প্ৰদান প্ৰক্রিয়া।

Category
Profile picture for user UB Photos