আজি তেজপুৰ জিলা বিজেপি কাৰ্যালয়ত একাংশ দলীয় কৰ্মী আৰু সমৰ্থকৰ প্ৰতিবাদ। আগন্তুক বিধানসভা নিৰ্বাচনত তেজপুৰ সমষ্টিটো মিত্ৰ দল অগপক এৰি নিদিবলৈ প্ৰতিবাদ সাব্যস্ত
প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা ডেকা হাজৰিকাক তেজপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে দলীয় টিকট প্ৰদান কৰা। তেওঁলোকৰ মতে, বহুদিন ধৰি দলীয় সংগঠনক শক্তিশালী কৰাৰ ক্ষেত্ৰত মধুস্মিতা ডেকা হাজৰিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু তেজপুৰ সমষ্টিত তেওঁৰ শক্তিশালী ভিত্তি আছে।
আনহাতে,তেজপুৰ সমষ্টিত মিত্ৰদল অগপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলি থকা সময়তে এই প্ৰতিবাদে নতুন ৰাজনৈতিক জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। প্ৰতিবাদত অংশগ্ৰহণ কৰা কৰ্মীসকলে স্পষ্টভাৱে কয় যে তেওঁলোকৰ দাবী হৈছে তেজপুৰ সমষ্টি বিজেপিৰ হাততেই থাকিব লাগিব আৰু স্থানীয় নেতৃত্বকেই প্ৰাৰ্থী হিচাপে মনোনীত কৰা উচিত।
ইফালে, এই সন্দৰ্ভত ৰাজ্যিক বিজেপি নেতৃত্ব বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে প্ৰকাশ পোৱা নাই। তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীত্বক লৈ আগন্তুক দিনসমূহত ৰাজনৈতিক দৃশ্যপট আৰু অধিক স্পষ্ট হোৱাৰ সম্ভাৱনা দেখা গৈছে।
- Log in to post comments