নামৰূপৰ ভিন্ন প্ৰান্তত প্ৰৱল ধুমুহা বৰষুণৰ তাণ্ডৱ

Heavy rains and thunderstorms

বুধবাৰে নিশা নামৰূপৰ ভিন্ন প্ৰান্তত প্ৰৱল ধুমুহা বৰষুণৰ তাণ্ডৱ।

বুধবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে নামৰূপ আৰু পাৰ্শ্বৱৰ্তী বহু অঞ্চলত।প্ৰবল শিল বৰষুণে নামৰূপ আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলৰ বহু বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হয় ৷

মাজনিশা হঠাতে অহা ধুমুহাৰ ফলত নামৰূপ ডিস্কো মাৰ্কেটৰ দোকানসমূহ ভাঙি যায়।গোটেই চহৰ খনত শতাধিক বৃহৎ গছ উভালি  পৰি  বাট পথ বন্ধ কৰি পেলায় বহু বাঁহ টিনৰ ঘৰ ভাঙি পেলাই। বিধ্বংসী ধুমুহাজাকত বহু ঠাইত  বিদ্যুতৰ খুঁটা উভালি পৰে আৰু বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।  মূল পথ সমূহত  গছ বাগৰি পৰাৰ ফলত যাতায়ত বন্ধ হৈ পৰাৰ লগতে যান বাহনসমূহ দীৰ্ঘ সময় ধৰি আৱদ্ধ হৈ পৰে।

Category