দৰিদ্ৰৰ বাবে সাহায্য হিচাপে চি এছ ঘোষ,এফ আই টি আৰু এন ই এফ আই টিৰ ৫০ কোটি

bandhan

নাৰী সবলীকৰণ দৰিদ্ৰতা নিবাৰণৰ লক্ষ্যৰে ২০০১চনত চন্দ্ৰশেখৰ ঘোষে এটা এন জি অ হিচাপে বন্ধন বেংক আৰম্ভ কৰিছিল।ইয়াৰ বাবে প্ৰতিষ্ঠানটোৱে উপাৰ্জনমুখী কাৰ্যাৱলীৰ উদ্দেশ্য পিছপৰা সম্প্ৰদায়ৰ মহিলা সকলক ক্ষুদ্ৰ ঋণ প্ৰদান কৰিছিল।সময়ৰ লগে লগে এন জি অ টোৱে অভিযানৰ সীমাৰ পৰিবৰ্ধন ঘটালে আৰু পিছপৰা সম্প্ৰদায়ৰ উন্নয়নমূলক পৰিকল্পনাৰ বাবে ফাইনেন্সিয়েল ইনক্লুজন ট্ৰাষ্ট  (এফ আই টি)আৰু নৰ্থ- ইষ্ট ফাইনেন্সিয়েল ইনক্লুজন ট্ৰাষ্ট  (এন ই এফ আই টি) নামৰ দুটা ন্যাস মুকলি কৰিলে ।২০১৫ চনত বন্ধন বেংক গঠিত হ'ল,তেতিয়াৰ পৰাই এফ আই টি  আৰু এন ই এফ আই টিয়ে বেংকটোৰ প্ৰমোটাৰৰ ভূমিকা পালন কৰিলে। 
দেশ বতৰ্মান অভাৱনীয় সংকটৰ সন্মুখীন হৈছে আৰু মহামাৰীৰ লগতে ইয়াৰ প্ৰতিক্রিয়াই বহুতকে প্ৰভাৱিত কৰিছে।বতৰ্মান এফ আই টি আৰু এন ই এফ আই টিৰ সৈতে ব্যক্তিগত সামৰ্থ্যৰে চি এছ ঘোষে পিছপৰা সম্প্ৰদায়ৰ খাদ্যৰ প্ৰয়োজন পূৰণৰ চেষ্টা চলাইছে।একে সময়তে এই তিনিওৱে বিভিন্ন ৰাজ্য চৰকাৰলৈ ২৫ কোটি টকাৰ সাহাৰ্য আগবঢ়াইছে ।পি এম-কেয়াৰ্ছ পুঁজিলৈয়ো ২৫,০১,০০,০০১ টকাৰ বৰঙনি আগবঢ়াইছে।প্ৰতিটো পৰিয়ালৰ ১৫ দিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ১০০০টকাৰ নিধাৰ্ৰণ কৰি এই ৫০,০১,০০,০০০ টকা দেশৰ মুঠ ৫ লাখ পৰিয়ালৰ সহায়ৰ বাবে প্ৰদান কৰা হৈছে ।

Category