ভয়ংকৰ দুৰ্ঘটনাত পতিত বিবাহযাত্ৰী বাহন;নিহত দৰাৰ জ্যেষ্ঠ ভাতৃ

accident

ভয়ংকৰ দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন।

গোৱালপাৰা জিলাৰ আগিয়াত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।

আগিয়া থানাৰ অন্তৰ্গত বুধিপাৰাত ৰখাই থোৱা বিবাহ যাত্রীৰ বাহনৰ পিছফালৰ পৰা প্ৰচণ্ড খুন্দা ট্ৰাকৰ।

ভয়ংক দুৰ্ঘটনাত মৃত্যু দৰাৰ জ্যেষ্ঠ ভাতৃৰ লগতে আন এজন লোক।

দুৰ্ঘটনাত একাধিক লোক আহত হৈছে বুলি জানিব পৰা হৈছে।

নিহত দুজনৰ নাম নৰেশ দাস আৰু ৰবি দাস। বুলি জানিব পৰা গৈছে।

মৃত নৰেশ দাস দৰা বিষ্ণু দাসৰ জ্যেষ্ঠ ভাতৃ।

আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

গোৱালপাৰাৰ বুধিপাৰাত বিবাহ সম্পন্ন কৰি ঘৰমুৱা হোৱা সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

Category