শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন

sankardev

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন। অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব অধিৱেশন ৷ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ অধিৱেশনস্থলীত বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিৱেশে। 

 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত অংশগ্ৰহণৰ মানসেৰে মুখত গুৰুজনাৰ নাম লৈ পদযাত্ৰা কৰিছে এদল ভকত বৈষ্ণৱে। কাৰ্বিআলং জিলাৰ  হাওৰাঘাট শাখাৰ পৰা ভকত বৈষ্ণৱ সকলে হৰি নাম গাই যাত্ৰা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীলৈ।

 ইপিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ কাৰ্বিআংলংৰ ভকত বৈষ্ণৱ সকলে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছে ১ ফেব্ৰুৱাৰীৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ জীয়াই ৰখাৰ চেষ্টাত এনেদৰে পদযাত্ৰা কৰি আহিছে ভকত বৈষ্ণৱ সকলে। 

Category