চিলাপথাৰৰ চিচিবৰগাঁৱৰ সমীপৰ পুকীয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
পুকীয়া তিনিআলিৰ সমীপত থকা বিটুমিন প্লাণ্টত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো। । বিটুমিন প্লাণ্টটোত কাম চলি থকা অৱস্থাতেই জুইৰ সূত্ৰপাত ঘটে। আলকতৰা আৰু তেলৰ টেংকিত জুই লগাৰ ফলত জুইৰ লেলিহান শিখাই নিমিষতে বিয়পি পৰে।
উল্লেখ্য যে,আলকতৰাৰ ক'লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল। চিলাপথাৰৰ পৰা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই ভয়ংকৰ অগ্নিকাণ্ডত গোটেই প্লাণ্টটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়। ঘটনাত ১৮ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে। দৈৱক্ৰমে ৰক্ষা পৰে বিটুমিন প্লাণ্টটোত কৰ্মৰত শ্ৰমিকসকল।
- Log in to post comments