নগাঁও বিশ্ববিদ্যালয়ৰ সপ্তাহ সমাৰোহত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যন্ত্ৰ এলবামৰ এটি গীতৰ কলিৰে মুকলি কৰে সাংস্কৃতিক শোভাযাত্ৰা

nagaon news

নগাঁও বিশ্ববিদ্যালয়ৰ সপ্তাহ সমাৰোহ।সপ্তাহ সমাৰোহত।বিশিষ্ট কন্ঠশিল্পী পখিলা লেকথেপীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যন্ত্ৰ এলবামৰ এটি গীতৰ কলিৰে মুকলি কৰে সাংস্কৃতিক শোভাযাত্ৰা।

উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ পৰম্পৰা আৰু বিবাহক থীম হিচাপে লৈ বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ পৰা নতুন বজাৰ হৈ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰে কেইবা কিলোমিটাৰ যোৰা এই সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ উত্তৰ-পূব ৰ পৰম্পৰা আৰু বিবাহক উপস্থাপন কৰা দেখিবলৈ পোৱা যায় ।

উল্লেখ্য যে, কেইবাহাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাত উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ পৰম্পৰা আৰু বিবাহৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা আৰু প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা ও প্ৰেৰণ কৰিবলৈ সক্ষম হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিতেশ ডেকা, পঞ্জীয়ক ধ্ৰুৱজ্যোতি বৰুৱাকে ধৰি বহু কেইজন বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকে।


 

Category