ডবকাত আল্ট্ৰা বাছ আৰু এল্ট’ বাহনৰ মুখামুখি সংঘৰ্ষ... নিহত ২, আহত এল্ট’খনৰ চালক...

doboka

ডবকাৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা
আল্ট্ৰা বাছ আৰু এল্ট’ বাহনৰ মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনাত থিতাতে নিহত এল্ট’খনত থকা দুগৰাকী মহিলা
নিহত নজনি টিমুংপি আৰু ৰজনী বেপি 
পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁৱৰ বাসিন্দা ২ মহিলা
গুৰুতৰভাৱে আহত এল্ট’খনৰ চালক

ডবকাৰ পৰা ডিফু অভিমুখে গৈ আছিল এল্ট’খন
ডিফুৰ পৰা নগাঁও অভিমুখী আছিল আল্ট্ৰা বাছখন
বাছখনৰ চালক, হেণ্ডিমেনক আটক কৰিছে আৰক্ষীয়ে 
দুৰ্ঘটনাগ্ৰস্ত এল্ট’খনৰ নম্বৰ AS-01GB-5035
দুৰ্ঘটনাগ্ৰস্ত আল্ট্ৰা বাছখনৰ নম্বৰ AS-09BC-5503

প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, এখন বাহনক অভাৰটেক কৰি আহোতে দ্ৰুতবেগী আল্ট্ৰা বাছখনে খুন্দা মাৰে এল্ট’ বাহনখনক। এই দুৰ্ঘটনাত বাছখনত থকা কোনো যাত্ৰীয়েই গুৰুতৰভাৱে আঘাত পোৱা নাই। তাৰ বিপৰীতে এল্ট’খনত থকা দুগৰাকী মহিলা থিতাতে মৃত্যু হোৱাৰ লগতে অতি সংকটজনক অৱস্থাত চালকজনক ভৰ্তি কৰোৱা হয় হোজাইৰ হাম হস্পিতালত। 

Category