এনেধৰণৰ অনাকাংক্ষিত ঘটনা যেন কেতিয়াও কাৰো সৈতে নহওঁক তাৰে প্ৰাৰ্থনা নেদেখা জনৰ ওচৰত। হৃদয় কপোঁৱা এক ঘটনা সংঘটিত হ'ল উত্তৰ প্ৰদেশৰ হাথৰসত। ৰাতি পুৱাতেই বিয়া, ইতিমধ্যেই দৰা শিৱমক আদৰিবলৈ সাজু হৈছে কন্যা ঘৰৰ। চাৰিওপালে আনন্দ মুখৰ পৰিৱেশ, হঠাৎ আহিল সেই দুঃসংবাদ, দৰা আৰু নাই।
বিয়াৰ আনন্দ মুহূৰ্ততে ম্লান পৰিল। কোনেও কেতিয়াও ভাবিব নোৱাৰা অনাকাংক্ষিত খবৰ আছিল সেইটো। এতিয়াও কইনাৰ হাতৰ মেহেন্দীত জিলিকিছে দৰাৰ নাম। কিন্তু মুহূৰ্তৰ ভিতৰতে সকলো শেষ, বিয়াৰ দিনটোতে শোঁকত ভাঙি পৰিল দুয়োটা পৰিয়াল।
উল্লেখ্য যে, বিয়াঘৰত বিয়াৰ আগদিনা খোৱা-লোৱাৰ লগতে নাচ-গানৰ আয়োজনৰ হৈছিল। আৰু সেই অনুষ্ঠানতে আত্মীয়সকলৰ সৈতে নাচিছিল দৰায়ো। তেতিয়ালৈ সকলো ঠিকেই আছিল। ইয়াৰ পিছতে নাচি নাচি বহি পৰিল দৰা।হঠাৎ তাতেই তেওঁ অচেতন হৈ পৰে।
অচেতন অৱস্থাত খৰখেদাকৈ দৰা শিৱমক হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু, চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আগ্ৰাৰ টেডি বাগিয়া অঞ্চলত বাণী সিঙৰ ঘৰত আছিল কন্যাৰ বিয়া। চাৰিওফালে প্ৰস্তুতি তুংগত। বিয়াৰ পূৰ্বে যি খবৰ আহিল, সেয়া শুনি সৰগ ভাগি পৰিল কইনাৰ লগতে পৰিয়ালৰ মূৰৰ ওপৰত। আগ্ৰাৰ টেডি বাগিয়াৰ বাসিন্দা কইনাৰ বিয়া ঠিক হৈছিল হাথৰসৰ বাসিন্দা শিৱমৰ সৈতে। ১৮ নৱেম্বৰত বৰযাত্ৰী অহাৰ কথা আছিল, কিন্তু আহিল হ’বলগীয়া স্বামীৰ মৃত্যুৰ খবৰ।
হাতত মেহেন্দী লৈ বৰযাত্ৰীৰ অপেক্ষাত থকা কইনাই শিলপৰা কপৌৰ দৰৈ চাই ৰে’ল মেহেন্দীৰে আঁকি লোৱা দৰাৰ নামটিলৈ। দৰাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে ম্লান পৰিল কইনা ঘৰৰ আনন্দ।
এক মৰ্মান্তিক পৰিৱেশ। চিকিৎসকে জনোৱা অনুসৰি, হাৰ্ট এটেক হোৱাৰ ফলতে মৃত্যু হৈছে শিৱমৰ।
- Log in to post comments