মধ্য প্ৰাচ্যৰ যুদ্ধত অতি কৌশলেৰে প্ৰৱেশ কৰিছে ৰঙা চীনে....

china

মধ্য প্ৰাচ্যৰ যুদ্ধত অতি কৌশলেৰে প্ৰৱেশ কৰিছে ৰঙা চীনে। ৰঙী চীনৰ ভূখণ্ডলৈ বেইজিঙে মাতি নিছে পেলেষ্টাইনৰ ১৪টা সংগঠনক। মঙলবাৰে বেইজিঙত পেলেষ্টাইনৰ ১৪টা সংগঠনক লৈ এক ঘোষণা পত্ৰও প্ৰকাশ কৰা হৈছে। গাজাত পৰোক্ষভাৱে ড্ৰেগনৰ প্ৰৱেশে বিশেষ তাৎপৰ্য  বহন কৰিছে। এয়া চীনৰ এক কূটনৈতিক সফলতা হিচাপে বিবেচিত হৈছে। চীনে তিনিটা পৰ্যায়ত পেলেষ্টাইনত শান্তি স্থাপনৰ প্ৰস্তাৱ কৰিছে।

প্ৰথম পৰ্যায়ত গাজা ষ্ট্ৰীপত যুদ্ধবিৰতি ঘোষণাৰ প্ৰস্তাৱ লোৱা হৈছে। দ্বিতীয় পৰ্যায়ত পেলেষ্টাইনত পেলেষ্টাইনীৰ শাসন ব্যৱস্থা স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে। আৰু তৃতীয় পৰ্যায়ত দুই ৰাষ্ট্ৰ স্থাপনৰ সূত্ৰৰ আধাৰত পেলেষ্টাইনক ৰাষ্ট্ৰ সংঘত চামিল কৰাৰ প্ৰস্তাৱ দিছে ৰঙা চীনে। ৰঙা চীনে বেইজিঙত আহ্বান কৰা এই বৈঠকত পেলেষ্টাইনৰ দুই বৈৰী যুঁজাৰু হামাছ আৰু ফাটাহ উপস্থিত আছিল। এই দুই বৈৰী সংগঠনক এখন মঞ্চলৈ আনিব পৰাটো আছিল চীনৰ বিশেষ সফলতা।

বেইজিং ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ সময়ত ইজিপ্ত, আলজেৰিয়া, ছৌডি আৰৱ, কাটাৰ, জৰ্দান, ছিৰিয়া, লেবানন, ৰাছিয়া, তাৰ্কীকে ধৰি ইজৰাইল আৰু আমেৰিকাৰ বিপক্ষে অৱস্থান কৰা দেশৰ প্ৰতিনিধিও উপস্থিত আছিল। উল্লেখ্য যে ফাটাহ পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেচনৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেচন ১৯৭৪ চনৰ পৰাই পেলেষ্টাইনৰ নাগৰিকৰ স্বীকৃত সংগঠন। আনহাতে হামাছ হৈছে এটা সন্ত্ৰাসবাদী হিচাপে গণ্য হোৱা যুঁজাৰু গোট। ২০০৬ চনত পেলেষ্টাইন নেচনেল অথৰিটী নিৰ্বাচনত হামাছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। তাৰ পাছতেই হামাছৰ সৈতে ফাটাহৰ সংঘাত তীব্ৰতৰ হয়। পেলেষ্টাইনৰ ৱেষ্ট বেংকত ফাটাহৰ চৰকাৰ চলি থাকে আৰু গাজাত হামাছৰ চৰকাৰ চলি আছে।   

Category