বহু সময়ত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ, কিন্তু এই সমস্যা সমূহ আমাৰ জীৱনত কি কাৰণে হয় আছে তাৰ সঠিক উত্তৰ বিচাৰি নাপাঁও। বহু জ্যোতিষৰ মতে, কেতিয়াবা শনি দোষৰ বাবেও এই সমস্যাবোৰ হ’ব পাৰে। গতিকে, শনিবাৰে কোনবোৰ কাম কৰিব নালাগে জানি লওক -
জ্যোতিষ শাস্ত্ৰ মতে, শনিবাৰে ভগৱান শনি আৰু কাল ভৈৰৱ দেৱক পূজা কৰা হয়। এই দিনটোত ৰীতি-নীতি অনুসৰি শনিদেৱক পূজা কৰিলে শনি দোষ, সাদেসতী আৰু ধৈয়াৰ পৰা সকাহ পোৱা যায়। সকলো ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ শনিবাৰৰ দিনটোত উপবাসে থাকিলে লাভজনক বুলি কোৱা হয়।
শনিদেৱে মানুহৰ ভাল কামৰ বাবে শুভ ফল দিয়ে আৰু বেয়া কামৰ শাস্তি দিয়ে। শনি যিমানেই শক্তিশালী হ’ব সিমানেই মানুহে ৰাজকীয় সুখৰ সুবিধা লাভ কৰিব বুলি বিশ্বাস কৰা হয়।
গতিকে, শনিবাৰৰ দিনটোত কিছুমান কাম আছে, যি কাম কৰিলে শনি দেৱৰ খং উঠে। শনিবাৰে কোনবোৰ কাম কৰিব নালাগে জানি লওঁক -
১. শনিবাৰে তিল বা সৰিয়হৰ তেল কিনিব নালাগে। কাৰণ এই দিনটোত তেল কিনিলে শনি দোষৰ সৃষ্টি হয়। বাস্তু শাস্ত্ৰৰ মতে শনিবাৰে সৰিয়হ বা তিল তেল দান কৰিলে শুভ হ’ব।
২. মহিলাসকলে শনিবাৰে চুলি ধুব নালাগে। বিশ্বাস অনুসৰি এই দিনটোত চুলি ধুলে শনিৰ বেয়া প্ৰভাৱ পৰে।
৩. শনিবাৰে লোহাৰ লগত জড়িত বস্তু কিনাৰ পৰা বিৰত থাকিব লাগে। শনি দেৱৰ অস্ত্ৰ লোহাৰ বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত শনিবাৰে লোহা কিনাটোৱে ঘৰৰ প্ৰতিজন সদস্যৰ জীৱনত শনি দেৱৰ নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। সেয়ে শনিবাৰৰ দিনটোত লোহাৰ বস্তু কিনাতকৈ দান কৰিব লাগে। শনিবাৰে লোহাৰ সামগ্ৰী দান কৰিলে শনি দোষৰ পৰা সকাহ পোৱা যায় বুলি বিশ্বাস কৰা হয়।
৪. বাস্তু শাস্ত্ৰৰ মতে শনিবাৰে নিমখ কিনিব নালাগে। এই দিনটোত নিমখ কিনিলে ঋণ বৃদ্ধি হোৱাৰ লগতে শনিদেৱৰ ক্ৰোধ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।
৫. শনিবাৰে মাংস আৰু মদ খোৱাৰ পৰা বিৰত থাকিব লাগে। এই দিনটোত মাংস আৰু সুৰা সেৱন কৰিলে শনিদেৱৰ খং উঠে বুলি বিশ্বাস কৰা হয়।
- Log in to post comments