গৰমৰ দিনকেইটাত সহজতে বনাই খাব পৰা সুস্বাদু চালাডৰ বিষয়ে জানো.....

salad

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। তাৰ মাজতে গৰমকালী বতৰৰ ফল-মূল আৰু শাক-পাচলিৰে বজাৰ ভৰি পৰিছে। এই দিনকেইটাত বিভিন্ন সুস্বাদু আৰু পুষ্টিকৰ চালাড খাই আমি নিজৰ শৰীৰক সতেজ কৰি ৰাখিব পাৰোঁ।

গতিকে, আহকচোন গৰমকালী সহজেই বনাব পৰা কেইবিধমান সুস্বাদু চালাডৰ বিষয়ে জানো - 

কেঁচা অমিতা চালাড -

salad

সামগ্ৰী: এটা কেঁচা অমিতা, কেঁচা ধনীয়া, তিনি ফুটা কেঁচা নহৰু, দুটা কেঁচা জলকীয়া, ৰ’ষ্টেড বাডাম, নিমখ, কেই টুকুৰুামান শ্লাইচ কৰি কটা কেঁচা নেমু, কেইটামান পকা বিলাহী।

প্ৰথমতে অমিতাটো দীঘল আৰু মিহি মিহিকৈ কাটি ল’ব। খুন্দনাত ৰ’ষ্টেড বাডামখিনি খুন্দি লওক, একেবাৰে গুড়ি কৰাৰ প্ৰয়োজন নাই। বাডামখিনি খুন্দি হোৱাৰ পিছত তাত নহৰু কেইফুটা আৰু জলকীয়া কেইটা দি খুন্দি লওক, ইয়াৰ পিছত কটা বিলাহী কেইটুকুৰা দি থেঁতেলিয়াই লওক। তাৰ পিছত কেঁচা ধনীয়াখিনি দি একেদৰে খুন্দি লওক। এতিয়া কাটি ৰখা অমিতাখিনি কম কম দি থেতেলিয়াই লওক আৰু শেষত নিমখ অলপ দি গোটেইখিনি ভালদৰে সানিলৈ পৰিবেশন কৰক।

ৰবাব টেঙাৰ চালাড -

salad

সামগ্ৰী: এটা পকা ৰবাব টেঙা, দুটা মিহিকৈ কটা কেঁচা জলকিয়া, অলপ মিঠাতেল, ধনীয়া আৰু নিমখ।

প্ৰথমতে ৰবাব টেঙাটোৰ ফুটাবিলাক ভালদৰে গুচাই লওক, অলপ মিঠাতেল সানি ল’লে ফুটা বিলাক গুচাবলৈ সহজ হয়। এতিয়াৰ ৰবাব টেঙাখিনিত জলকিয়া, ধনীয়া, মিঠাতেল দুই চামুচ আৰু নিমখ দি ভালদৰে সানি লৈ পৰিৱেশন কৰক।

তৰমুজৰ চালাড -

salad

প্ৰচুৰ পৰিমানে পুষ্টি, ভিটামিন, খনিজ আইৰণ আৰু পানী থকা তৰমুজ গ্ৰীষ্মকালীৰ এবিধ ফল। তৰমুজৰ সৈতে ষ্ট্ৰ’বেৰি, নুনি, ব্লুবেৰি, ব্লেকবেৰি আদি এটা ডাঙৰ পাত্ৰত মিহলাই তাত কেইখিলামান পদিনাৰ পাত আৰু অলপ নেমু চেপি ভালদৰে সানি লৈ পৰিৱেশন কৰক।

Category