কঁকালৰ বিষৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা উপায়?......

lower back pain

বৰ্তমান সময়ত খাদ্য ভেজাল হোৱাৰ হেতুকে সকলোৰে নানাধৰণৰ বেমাৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত এটা হৈছে বিষ বেমাৰটো। কঁকালৰ বিষত আক্ৰান্ত হোৱা লোক সকলে জনে বিষৰ যন্ত্ৰণা। কঁকালৰ বিষত আক্ৰান্ত হ'লে কাম-কাজত ব্যাঘাত হোৱাৰ লগতে কেতিয়াবা শয্যাশায়ী ও হ'ব লগা হয়। বিভিন্ন কাৰণত কঁকালৰ বিষ হ'ব পাৰে। দীৰ্ঘদিন ধৰি কঁকালৰ বিষত ভুগিলে ডাক্টৰৰ পৰামৰ্শ লোৱাটো দৰকাৰ।

গতিকে, কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা কিছু সাৱধানতাৰ বিষয়ে জানো আহক -

১. ৰাতি শোৱাৰ সময়ত উবুৰি হৈ শুব নালাগে। লগতে বিছনাখন কোমল তুলিৰ আৰু গাৰু ব্যৱহাৰ নকৰিলে বেছি সুবিধাজনক।

২. শোৱাৰ সময়ত মেৰুদণ্ড সাধাৰণ অৱস্থাত আৰু কঁকাল পোন কৰি শুব লাগে।

৩. দেহৰ ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে স্বাস্থ্যসন্মত খাদ্য খাব লাগে।

৪. আধাঘন্টাতকৈ বেছি সময় একেৰাহে বহি বা থিয় হৈ থাকিব নালাগে।

৫. দৈনিক ব্যায়াম কৰাৰ লগতে নিতৌ খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে।

Category
Profile picture for user UB Photos