কাছাৰৰ সোনাৱাড়িঘাটত অবৈধ খনন! অবৈধ খননৰ ফলত বহু পৰিয়াললৈ তীব্ৰ ভাবুকি..........

assam

চৰকাৰৰ তৎপৰতাৰ পাছতো ৰাজ্যত শেষ হোৱা নাই অপকৰ্ম। প্ৰতিদিনেই ইজনৰ পিছত সিজনকৈ অপৰাধীক আটক কৰিছে আৰক্ষীয়ে। 

উল্লেখ্য যে, কাছাৰৰ সোনাৱাড়িঘাটত চলি আছে অবৈধ খনন। দিনে-নিশাই বৰাক নৈত অবাধ খনন ভূ-মাফিয়াৰ দপদপনি। JCB ৰে খনন কৰি ট্ৰাকে ট্ৰাকে সৰবৰাহ বালি। অবৈধ খননৰ ফলত বহু পৰিয়াললৈ তীব্ৰ ভাবুকি প্ৰদান।

বন বিভাগক মেনেজ কৰি খনন চলোৱাৰ অভিযোগ একাংশৰ। শীঘ্ৰে অবৈধ খনন বন্ধ কৰাৰ দাবী নৈপৰীয়াবাসীৰ।

কাছাৰ জিলাৰ সদৰ ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা সোনাবাড়িঘাট অঞ্চলত অবাধে চলিছে বনজ সম্পদ লুণ্ঠন। যোৱা কেইদিন ধৰি সোনাবাড়িঘাট অঞ্চলত থকা বৰাক নৈত একাংশ ভূমাফিয়াই চলাইছে অবৈধ বালি খনন কাৰ্য্য। 

সংশ্লিষ্ট বিভাগৰ অনুমতিবিহীনে চৰকাৰী ৰাজহ ফাকি দি এটা দুষ্ট চক্ৰই বনবিভাগক মেনেইজ কৰি ধাৰাবাহিকভাৱে চলাই আহিছে এনে লুণ্ঠন কাৰ্য। 

অবৈধ খননৰ ফলত বাগপুৰ অঞ্চলত কেইবাশ বিঘা ভেটিমাটিসহ প্ৰায় তিনি শতাধিক ঘৰদুৱাৰ ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। শীঘ্ৰেই অবৈধ বালি খননৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী ভুক্তভোগী ৰাইজৰ।

Category
Profile picture for user UB Photos