ঐতিহাসিক মানাহ মহোৎসৱৰ সামৰণি! লোকে লোকাৰণ্য মানাহাৰ বাকৰি.......

manas

ঐতিহাসিক মানাহ মহোৎসৱৰ সামৰণি
সাতদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই মহোৎসৱ
লোকে লোকাৰণ্য মানাহাৰ বাকৰি
সামৰণি অনুষ্ঠানত গীত পৰিৱেশন গীতালী দেৱীৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত যোৱা ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় মানাহ মহোৎসৱৰ আজি পুৱতিনিশা সামৰণি পৰে। মানাহৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ মানাহ, মিউজ, মাউজী গেন্দ্ৰী ইক'ট্যুৰিজিম ছ'চাইটি আৰু স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ সহযোগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ইক'ট্যুৰিজিমৰ ব্যয়বহুল প্ৰচাৰৰ বাবে আয়োজন কৰা হৈছিল এই মানাহ মহোৎসৱ।

মানাহৰ বাঁহবাৰী ৰেঞ্জৰ মহোৎসৱস্থলীত দেশী-বিদেশী বিভিন্ন পৰ্যটকে বিভিন্ন জাতি জনগোষ্ঠীৰ সুস্বাদু খাদ্যসম্ভাৰৰ সোৱাদ লোৱাৰ উপৰিও মানাহৰ জীৱ জন্তু আৰু এই অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সাজ পাৰ, ঘৰ-দুৱাৰ আদি সংস্কৃতিসমুহৰ প্ৰতিফলন দেখিবলৈ পায় যায় এই মহোৎসৱত। মহোৎসৱৰ অন্তিম নিশা জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱীৰ গীতৰ অনুষ্ঠানেৰে সাতদিনীয়া মানাহ মহোৎসৱৰ সামৰণি পৰে।

Category