কন্ঠশিল্পীৰ ৰূপত কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ
মানাহ ফেষ্টিভেলত উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ
মন্ত্ৰীগৰাকীয়ে গালে এটাৰ পাছত আন এটা গীত
মন্ত্ৰীৰ গীতৰ তালে তালে নৃত্য কৰিলে বনকৰ্মী, বিষয়ববীয়াই
সমান্তৰালকৈ আদিবাসীসকলৰ লোক সংস্কৃতিৰ অংগ মাদল বজাই, বিভিন্ন থলুৱা খাদ্যৰ জুতি ললে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ সমানে সমানে মানাহ ৰাষ্ট্ৰীয় উদ্যানক চৰকাৰে গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে।
মানাহ সংৰক্ষণ ,পৰিৱেশ পৰ্যটন, জনগোষ্ঠীয় খাদ্য-সংস্কৃতি -পৰম্পৰা আৰু চাহ পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা হৈছে মানাহ ফেষ্টিভেল। মানাহ ফেষ্টিভেলত উপলব্ধ জনগোষ্ঠীয় নৃত্য গীতৰ সমাহাৰ, জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি, গ্ৰন্থ আৰু বাণিজ্য মেলা, দুঃসাহসিক কাৰ্যকলাপ, মুকলি সভা, সজাগতা সভা, স্মৃতিগ্ৰন্থ উন্মোচন, বঁটা প্ৰদাণ অনুষ্ঠান, সংগীতানুষ্ঠান, ভিন্ন থলুৱা খাদ্যৰ ষ্টল, চাহ বাগিচা ট্ৰেকিং, আনন্দ মেলা আদি।
- Log in to post comments