‘ৰিল চাই সময় নষ্ট নকৰিবা, পৰ্যাপ্ত টোপনি মাৰিবা’! পৰীক্ষাৰ ওপৰত চৰ্চা মোদীৰ...........

modi

আজি দিল্লীৰ প্ৰগতি মৈদানত দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পৰীক্ষাৰ ওপৰত চৰ্চা কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন কৌশল শিকোৱা দেখিবলৈ পোৱা যায়। 

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ৰিল চোৱাত সময় নষ্ট নকৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে তেওঁলোকক পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ উপদেশ দিয়ে। লগতে তেওঁ কয়, এই বয়সত খাদ্য আৰু টোপনিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। সেয়েহে পৰ্যাপ্ত পৰিমাণে টোপনি যোৱা আৰু কেৱল ম’বাইল ফোনত ব্যস্ত হৈ থকাটো উচিত নহয়।

উল্লেখ্য যে,মোদীয়ে ম’বাইল ফোন সন্দৰ্ভত শিশুসকলৰ সৈতে বহু কথা পাতে। তেওঁ শিশুসকলক ম’বাইল চোৱাৰ সময় এটা নিৰ্ধাৰণ কৰিবলৈ কোৱাৰ লগতে সকলো সময়তে ম’বাইল নাচাবলৈ তেওঁলোকক অনুৰোধ কৰে। প্ৰয়োজন হ’লে গণিত বা আন কোনো বিষয়ৰ লগত জড়িত কোনো সমস্যা সমাধানৰ বাবে পৰিয়ালৰ লোকক জনায় হে ম’বাইল ব্যৱহাৰ কৰিব লাগে বুলি কয়।

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান। তেওঁ কয়, শিক্ষকসকলে তেওঁলোকৰ সম্পৰ্ক কেৱল পাঠ্যক্ৰম বা বিষয়তে সীমাবদ্ধ থাকিব নালাগে। ল’ৰা-ছোৱালীৰ লগত এনে সম্পৰ্ক গঢ়ি তুলিব লাগে যাতে তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ ভৰসা লাভ কৰে আৰু শিশুটিয়ে তেওঁলোকক প্ৰয়োজন হ’লে কিবা এটা ক’বলৈ দ্বিধাবোধ নকৰে। 

তেওঁ কয় যে, শিক্ষকসকলে মেধাৱী ল’ৰা-ছোৱালীক যিমান ভাল পায়, পঢ়াত দুৰ্বল ল’ৰা-ছোৱালীকো সিমানে ভাল পাব লাগে। প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষকসকলক কয় যে, এজন শিক্ষকৰ কাম কেৱল এটা কাম কৰা বা এটা চাকৰি সলনি কৰা নহয়, তেওঁৰ কাম হৈছে জীৱন বৃদ্ধি আৰু তাক শক্তি প্ৰদান কৰা। এনে শিক্ষকেহে পৰিৱৰ্তন আনিব পাৰে। 

Category
Profile picture for user UB Photos