কাইলৈৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত মানাহ ফেষ্টিভেল। ৩১ জানুৱাৰীলৈ ৭ দিনীয়াকৈ অনুষ্ঠিত হ’ব মানাহ ফেষ্টিভেল। ফেষ্টিভেল সন্দৰ্ভত সংবাদমেল উদযাপন সমিতিৰ।
উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত মানাহ বন্ধু এন জি অ' আৰু স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ'ব মানাহ ফেষ্টিভেল। মানাহ সংৰক্ষণ, পৰিৱেশ পৰ্যটন, জনগোষ্ঠীয় খাদ্য-সংস্কৃতি -পৰম্পৰা আৰু চাহ পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে মানাহ ফেষ্টিভেলৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে।
মানাহ ফেষ্টিভেলত উপলব্ধ হব জনগোষ্ঠীয় নৃত্য গীতৰ সমাহাৰ, গ্ৰন্থ আৰু বানিজ্য মেলা, দুঃসাহসিক কাৰ্যকলাপ, সংগীতানুষ্ঠান, ভিন্ন থলুৱা খাদ্যৰ ষ্টল, চাহ বাগিচা ট্ৰেকিং, আদি। মানাহ ফেষ্টিভেলক লৈ জীপ ছাফাৰী এচ'ছিয়েশ্বন আৰু ল'জ এচ'ছিয়েশ্বনে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে সংবাদমেলযোগে।
- Log in to post comments