সোমবাৰে বিয়লি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেল সম্বোধন কৰি সদৰি কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অহা ২২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আটাইকেইগৰাকী কেবিনেট মন্ত্ৰীয়ে অযোধ্যাৰ ৰাম লালাক দৰ্শন কৰিব।
গঢ়পুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিধেয়ক খন আগন্তুক বাজেট অধিবেশনত উত্থাপন কৰা হ’ব।
আনহাতে, ৰাজ্য চৰকাৰৰ পৰীক্ষাত সংঘটিত বেমেজালি ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ। পৰীক্ষাৰ বেমেজালি ৰোধ কৰাৰ বাবে আনিব এখন নতুন আইন।
ইয়াৰ উপৰিও মিচন বসুন্ধৰা ২ ৰ জৰিয়তে ২,২৯,৬২৯ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰা সিদ্ধান্ত লোৱাৰ উপৰিও BTRৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ ৪০০ কোটি টকা অনুমোদন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।
- Log in to post comments