KMSSৰ সাধাৰণ সম্পাদকক বিদ্যুৎ শইকীয়াক আটক! কিন্তু কিয়?............

bidyut saikia

KMSSৰ সাধাৰণ সম্পাদকক আটক
গোলাঘাট আৰক্ষীয়ে আটক কৰিলে বিদ্যুৎ শইকীয়াক
অজ্ঞাত কাৰণত আটক কৰাৰ অভিযোগ
আৰক্ষীৰ ভূমিকাক সমালোচনা অখিল গগৈৰ


উল্লেখ্য যে, আজি পুৱা KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক অসম আৰক্ষীয়ে আটক কৰি লৈ যায়। গোলাঘাট আৰক্ষীয়ে কোনো কাৰণ প্ৰদৰ্শন নকৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীক এনেদৰে লৈ যোৱা কাৰ্যক লৈ অঞ্চলটোত উৎকণ্ঠাৰ সৃষ্টি হৈছে। 

উল্লেখ্য যে, গুৱাহাটীৰ শিলসাকোত চলা উচ্ছেদ অভিযান, তিতাবৰত যু্ৱকক আলফাৰ সন্দেহত আৰক্ষীৰ দুৰ্ব্যৱহাৰ  আদি বিষয়ত সৰৱ হৈ পৰিছিল কৃষক নেতাগৰাকী। গোলাঘাট আৰক্ষীৰ এই কাণ্ডক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে প্ৰাক্তন কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈয়ে। অসম চৰকাৰক প্ৰশ্ন তুলি তেওঁ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 

Category
Profile picture for user UB Photos