প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিব দেশৰ দীৰ্ঘতম সেতু 'অটল সেতু' .........

atal setu

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিব দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক। অটল বিহাৰী বাজপেয়ী ছেৱৰী আৰু নৱ সেৱা অটল সেতু নামেৰে নামাকৰণ কৰা এই আকৰ্ষণীয় দলংখন ২১.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ। এই দলংখনত ১৭,৮৪০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে বাস্তৱায়িত হৈছে।'

দক্ষিণ মুম্বাই আৰু নৱী মুম্বাইৰ মাজৰ দূৰত্ব MTHLয়ে বৰ্তমান দুঘণ্টাৰ যাত্ৰা মাত্ৰ ১৫-২০ মিনিটলৈ হ্ৰাস কৰি ভ্ৰমণত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।

আনহেতে, মহাৰাষ্ট্ৰ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে ৩০,৫০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্প উন্মোচন কৰিব। ইয়াৰে মূল দিশসমূহৰ ভিতৰত আছে নমো মহিলা শক্তিকৰণ অভিযানৰ উদ্বোধন আৰু ইষ্টাৰ্ণ ফ্ৰীৱেৰ অৰেঞ্জ গেট সংযোগী ভূগৰ্ভস্থ পথ সুৰংগৰ আধাৰশিলা স্থাপন।

নগৰীয়া পৰিবহণ আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এতিয়া আনুষ্ঠানিকভাৱে ‘অটল বিহাৰী বাজপেয়ী ছেৱৰী আৰু নৱ সেৱা অটল সেতু’ নামেৰে পৰিচিত MTHLয়ে এই প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় দিছে বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে অটল সেতুৰ দৈৰ্ঘ্য ২১.৮ কিলোমিটাৰ। দেশৰ ভিতৰতে এয়া দীঘলীয়া সাগৰীয় দলং আৰু বিশ্বৰ দ্বাদশ দীঘলীয়া দলং। দলংখনত ১৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সাগৰীয় সংযোগ আৰু ৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থল সংযোগ। সাগৰীয় সংযোগস্থল ছয় লেনযুক্ত ঘাইপথ, দুয়োফালে তিনিটাকৈ পথ আছে। ২টা জৰুৰীকালীন লেন আছে দুয়োফালে।

দলংখনে যাত্ৰা সময় কমাব দুঘণ্টাৰ পৰা ১৫-২০ মিনিটলৈ। MTHLত একমুখী টোল ২৫০ টকা। প্ৰথম বছৰৰ বাবে অহা-যোৱা টোল ৩৭৫ টকা। MTHLত চাৰিচকীয়া বাহনৰ সৰ্বোচ্চ গতি সীমা প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ। সাগৰীয় দলংখনত বাইক, অটোৰিক্সা,ট্ৰেক্টৰ চলাচল নিষেধ। সম্পূৰ্ণ নাম অটল বিহাৰী বাজপেয়ী ছেৱৰী আৰু নৱ সেৱা অটল সেতু।

Category
Profile picture for user UB Photos