গোৱাৰ পৈশাচিক ঘটনাৰ নতুন মোৰ! ৪ বছৰীয়া সন্তানক নৃশংসভাৱে হত্যা মাতৃৰ............

goa

গোৱাৰ মমতাহীনা মাতৃৰ হত্যাকাণ্ডৰ চাঞ্চল্য। ৪ বছৰীয়া সন্তানক নৃশংসভাৱে হত্যা মাতৃৰ। আৰক্ষীৰ জিম্মাত হত্যাকাৰী মাতৃ সুচানা শেঠ। তদন্তত ওলোৱা তথ্যত হতচকিত গোৱা আৰক্ষী।

কাঁহৰ দৰৱ খুওৱাই অচেতন কৰিছিল সন্তানক। টোপনিতে মৃত্যু ঘটিছিল কণমানিটোৰ। এতিয়াও সৈ কঢ়া নাই অভিযুক্ত মাতৃ সুচানা শেঠে।

উল্লেখ্য যে, উত্তৰ গোৱাৰ হোটেলত নিজৰ চাৰি বছৰীয়া সন্তানত নিৰ্দয়ভাৱে হত্যা কৰা মহিলাগৰাকীকলৈ এতিয়াও অব্যাহত আছে চৰ্চা। অকল্পনীয় ঘটনাটোৱে কাৰ্যতঃ শিহৰিত কৰিব সকলোৰে হৃদয়। সুচানা শেঠ নামৰ উচ্চাকাংক্ষী মহিলাগৰাকীৰ কাৰ্যই হতচকিত কৰিছে সকলোকে। 

বিবাহ বিচ্ছেদিত স্বামীৰ ইগ’ ক্লেচৰ বাবেই নিজৰ কণমানি সন্তানক হত্যাৰ দৰে অকল্পনীয় সিদ্ধান্ত ল’লে মহিলাগৰাকীয়ে। পিতৃক বিচাৰি আমনি কৰাৰ বাবেই কণমানি সন্তানক হত্যা কৰিছিল সুচানা শেঠে। সকলো আচৰিত উচ্চ শিক্ষিত, তথাকথিত অভিজাত মহিলাৰ এনে নৃশংস কাণ্ডত। গোৱা আৰক্ষীৰ আগত অৱশ্যে এতিয়ালৈ সৈ কঢ়া নাই মহিলাগৰাকীয়ে।

কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত দেশৰ এশগৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম সুচানা শেঠ। মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি ঘটনা পোহৰলৈ অহাৰ দিনা পুৱা মৃত অৱস্থাত তেওঁ পাইছিল। কিন্তু মহিলাগৰাকীৰ ভাষ্যত পতিয়ন যোৱা নাই আৰক্ষী। কিয়নো বহু প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই আৰক্ষীয়ে।

Category
Profile picture for user UB Photos