অন্ত পৰাৰ দিশে দীৰ্ঘদিনীয়া অপেক্ষা! আজি দিল্লীত আলোচনাপন্থী আলফাৰে কেন্দ্ৰৰ শান্তি চুক্তি............

ulfa

আজি দিল্লীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে আলফা নেতৃত্বই স্বাক্ষৰ কৰিব ঐতিহাসিক শান্তি চুক্তি। নতুন দিল্লীৰ নৰ্থ ব্লকত আজি বিয়লি ৫ বজাত স্বাক্ষৰিত হ’ব বহু প্ৰতিক্ষীত শান্তি চুক্তি।

উক্ত অনুষ্ঠানত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও। আনহাতে, এই শান্তি চুক্তিত আলোচনাপন্থী আলফাৰ ১৬ জন নেতাই অংশগ্রহণ কৰিব।

উল্লেখ্য যে, আলফাৰ ১৬ গৰাকী নেতাৰ ভিতৰত আছে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ-সভাপতি প্রদীপ গগৈ, বিত্ত সচিব চিত্রবন হাজৰিকা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী, সাংস্কৃতিক সচিব প্রণতি ডেকা, মৃণাল হাজৰিকা, অন্টু চাউদাং, ৰাজু বৰুৱা, শশধৰ চৌধুৰী আদি। 

আজি সন্ধিয়া চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে সন্ধিয়া সাত বজাত দিল্লীৰ প্ৰেছ ক্লাব অব ইণ্ডিয়াত এখন সংবাদমেল সম্বোধন কৰিব বুলিও জানিব পৰা গৈছে।

ইয়াৰ পাছত ৩০ ডিচেম্বৰত আলফাৰ এই দলটো অসমলৈ ঘূৰি আহিব। ৩১ ডিচেম্বৰৰ বিয়লি দুই বজাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব এক সম্বৰ্ধনা সভা।

Category
Profile picture for user UB Photos