আজি পৱিত্ৰ বৰদিন! সকলো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকলৈ বৰদিনৰ শুভেচ্ছা..........

chirstmas

পোনপ্ৰথমতে সমূহ ৰাইজক পৱিত্ৰ বৰদিনৰ শুভেচ্ছা। আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ বৰদিন। এই পৱিত্ৰ দিনটোতে ইশ্বৰৰ এটি অৱতাৰস্বৰূপ যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱ হোৱা বুলি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে। সেহেয়ে ২৫ ডিচেম্বৰৰ দিনটোত সমগ্ৰ বিশ্বতে বৰদিনৰ উদযাপন কৰা হয়।

উল্লেখ্য যে,জেৰুজালেমৰ বেথেলহেমত এটি গোহালিত মাতৃ মেৰীৰ ঔৰসত দৈৱ আশীৰ্বাদত জন্ম গ্ৰহণ কৰিছিল যীশুৱে। প্ৰায় ৬ খ্ৰীষ্টপূৰ্বৰ পৰা ৪ খ্ৰীষ্টপূৰ্বৰ মাজৰ কোনো এক সময়ত জন্ম লাভ কৰা যীশুক ধৰালৈ ইশ্বৰে প্ৰেৰণ কৰিছিল সমাজত প্ৰচলিত অসূয়া-অপ্ৰীতি দূৰ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ। 

ইশ্বৰৰ এই পৱিত্ৰ বাৰ্তা বিলোৱা যীশু অতি শীঘ্ৰেই সমগ্ৰ জেৰুজালেমত সকলোৰে বাবে হৈ পৰিছিল ইশ্বৰৰ সন্তান যাক মৰ্ত্যৰ লোকসকলৰ দুৰাচাৰ দূৰ কৰিবলৈ স্বয়ং ইশ্বৰে প্ৰেৰণ কৰিছিল। এই পৱিত্ৰ বৰদিনটি কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেই নহয় বৰং পৃথিৱীৰ সকলো লোকৰ বাবেও এক সম্প্ৰীতিৰ উৎসৱ। 

চৌদিশে ৰং-বিৰঙী আলোক সজ্জাৰে সজাই পৰাই তোলা গীৰ্জাঘৰ, ৰাজহুৱা স্থান সমূহে লৈ ফুৰে এক আনন্দময় পৰিৱেশ। বিগত সময়ছোৱাৰ দৰেই এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্ত সজাই পৰাই তোলা হৈছে এই পৱিত্ৰ বৰদিনৰ বাবে। 

Category