ৰাজ্যত অবিস্মৰণীয় ঘটনা! এটা, দুটা নহয় একেলগে চাৰিটাকৈ সন্তান জন্ম দিলে এগৰাকী মহিলাই...................

DOMDOMA

আপুনি মই হয়তো যমজ সন্তান জন্ম হোৱাৰ কথা শুনিছো বা দেখিছো। কিন্তু আজি আমি আপোনালোকক জনাম এক অবিস্মৰণীয় ঘটনাৰ বিষয়ে। এটা, দুটা নহয় একেলগে চাৰিটাকৈ সন্তান জন্ম দিলে এগৰাকী মহিলাই। এই অবিস্মৰণীয় ঘটনাটো সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাত।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ধলা ন-পথাৰ গাঁৱৰ জেনীফা বেগ নামৰ ২৪ বছৰীয়া এগৰাকী মহিলাই শুক্ৰবাৰৰ দিনা জন্ম দিয়ে চাৰি জনীকৈ কন্যা সন্তান।

জানিব পৰা মতে, পুৱাৰ ভাগত প্ৰসৱ বেদনা আৰম্ভ হোৱাত ১০৮ মৃত্যুঞ্জয় বাহনত চিকিৎসালয়লৈ নি থকাৰ সময়তে বাহনখনতে প্ৰসৱ কৰে চাৰিজনীকৈ কন্যা সন্তানক। 

প্ৰসৱৰ পাছত ডুমডুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মাতৃ জেনীফা বেগ আৰু চাৰিটি সন্তানক। জানিব পৰা মতে, বৰ্তমানলৈকে মাতৃ আৰু চাৰি সন্তান সুস্থ অৱস্থাত বুলি জনাইছে চিকিৎসকে। 

বৰ্তমান এই অবিস্মৰণীয় ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত।
 

Category
Profile picture for user UB Photos