নৱবৰ্ষক লৈ বিশেষ তৎপৰতা অসম আৰক্ষীৰ! ৰাজ্যৰ চুকে-কোণে ঘূৰিব আৰক্ষীৰ ইণ্টাৰচেপ্টৰ বাহন............

new year

নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। প্ৰতি বছৰৰ দৰে এইবাৰো ন-উদ্যম, ন-পৰিকল্পনাৰে নৱবৰ্ষক আদৰিবলৈ সকলোৱে সাজু হৈছে। পৰিয়াল তথা বন্ধু-বান্ধৱৰ সৈতে এটা বৰ্ষক বিদায় দি, নতুন এটা বছৰক আদৰণি জনোৱাৰ বাবে ৩১ ডিচেম্বৰৰ নিশা পাৰ্টীৰ আয়োজন কৰা দেখিবলৈ পোৱা যায়। 

কিন্তু এইবাৰ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত পাৰ্টি কৰিব বিচৰাসকল সাৱধান হ’ব লাগিব। কাৰণ আজিৰে পৰা নিশা অসমৰ চুকে-কোণে আৰক্ষীৰ ইণ্টাৰচেপ্টৰ বাহন ঘূৰিব। সেয়েহে, নৱবৰ্ষ উদযাপনত সাৱধান হওক সুৰাপায়ী সকল। ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত থাকিব আৰক্ষী। পথ সুৰক্ষাক লৈ পৰিবহণ বিভাগৰ এই বিশেষ পদক্ষেপ।

আনন্দৰ নামত সুৰাত মাতাল হৈ বাহন চলালে তেওঁলোক বিপদত পৰিব পাৰে। সেইকাৰণে সুৰাপান কৰি গাড়ী চলোৱা লোকসকলৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হ’ব। বিহুৰ সময়লৈ সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলাব। দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, আজিৰে পৰা ১০ খনকৈ ট্ৰেফিক ইণ্টাৰচেপ্টৰ বাহন আৰু ১৫০ টা ব্ৰেথ এনালাইজাৰ প্ৰদান ৰাজ্য চৰকাৰৰ। পৰিবহন মন্ত্ৰী পৰিমল শুক্লবদ্যই আজি আনুষ্ঠানিকভাৱে অসম আৰক্ষীক এই বাহন অৰ্পণ কৰে। অসম আৰক্ষী মেচত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত আৰক্ষী সঞ্চালক জি পি সিংৰ লগতে শীৰ্ষ আৰক্ষীসকল উপস্থিত থাকে।
 

Category
Profile picture for user UB Photos