শীতকালত মানুহৰ প্ৰায়ে চৰ্দি আৰু কাহৰ দৰে বহু অন্যান্য সমস্যা হোৱা পৰিলক্ষিত হয়। শীতকালীন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আমলখিক অতি উপকাৰী বুলি গণ্য কৰা হয়।
আমলখি যকৃতৰ বাবে অতিকৈ উপকাৰী বুলি কোৱা হয়। আমলখিত কুৱেৰচেটিন, গ্যালিক এচিড, ক’লেজিন আৰু এলাজিক এচিড আদি ফাইটোকেমিকেল প্ৰচুৰ পৰিমাণে থাকে, যিয়ে শৰীৰক বিষমুক্ত আৰু ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
ভিটামিন চি সমৃদ্ধ আমলখিয়ে নতুন চুলি গজাত সহায় কৰে। লগতে বগা চুলি ক’লা কৰাতো সহায় কৰে। এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি সমৃদ্ধ আমলখিক মাখানাৰ লগত খাব লাগে।
চকুৰ খজুৱতি আদি চকুৰ বিভিন্ন সমস্যাৰ পৰা আমলখিয়ে উপশম দিয়ে। চকু সুস্থ কৰি ৰখাৰ বাবে আমলখি অতি উপকাৰী। ইয়াত ফাইটো-কেমিকেল থাকে যিয়ে চকুৰ লগত জড়িত অৱক্ষয় ৰোধ কৰাত সহায় কৰে।
আমলখি কেঁচা বা ৰস উলিয়াই খাব পাৰে। ভিটামিন চি, এন্টিঅক্সিডেন্ট, আইৰণ, ফ্লেভনয়ড, পটাছিয়ামেৰে সমৃদ্ধ আমলখিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে।
আমলাখি আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই চুলিৰ টনিক হিচাপে কাম কৰে আৰু চুলিৰ যত্নত ই এক গুৰুত্বপূৰ্ণ উপাদান। ই কেৱল চুলিৰ গুৰি মজবুত কৰাই নহয়, চুলিৰ বৃদ্ধিতো সহায় কৰে। আমলখিয়ে উফি দূৰ কৰে।
- Log in to post comments