এতিয়াৰে পৰা ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰৰ! এই সিদ্ধান্ত মধ্য প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ...........

mohan

ধৰ্মীয় স্থলত লাউড স্পীকাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি। এতিয়াৰে পৰা মধ্য প্ৰদেশত ধৰ্মীয় স্থলত লাউড স্পীকাৰ নিষিদ্ধ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতে ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী মোহন যাদৱৰ। মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথম নিৰ্দেশনা জাৰি কৰিছে। 

নিৰ্দেশনাত উল্লেখ কৰা হৈছে, ‘বিভিন্ন ধৰ্মীয় স্থলত নিৰ্ধাৰিত ডেচিবলৰ উলংঘন কৰি লাউড স্পীকাৰ ব্যৱহাৰ কৰা হৈ আছে। হুলস্থূলৰ ফলত মানুহৰ কাম কৰাৰ ক্ষমতা, আৰাম আৰু টোপনিত ব্যাঘাত জন্মে। হুলস্থূলীয়া পৰিস্থিতিত হাই বিপি, মানসিক উত্তেজনা, অনিদ্ৰাৰ দৰে প্ৰভাৱ শৰীৰত পোৱা যায়। ইয়াৰ ফলত কাণৰ অন্তৰ্ভাগতো সমস্যা হয়।’

সেইবাবে সকলোৰে মংগলৰ বাবে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে মধ্য প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱে।

Category
Profile picture for user UB Photos