তুষাৰপাতত বিপর্যস্ত সমগ্র ছিকিম। যাত্ৰাৰ সময়ত বৰফ পৰাৰ বাবে আবদ্ধ হৈ পৰে প্রায় এক হাজাৰ পৰ্যটক। ভাৰতীয় সেনাৰ ত্রিশক্তি কর্পছে পূব ছিকিমৰ দুর্গম অঞ্চলৰ পৰা দিনটোৰ ভিতৰতে উদ্ধাৰৰ কাম কৰি নিৰাপদে উদ্ধাৰ কৰে ৮০০জন লোকক।
উল্লেখ্য যে, তীব্র শীতত নিথৰ হৈ থকা লোকসকলক সেনা বাহিনীৰ বেৰেকলৈ অনা হয়। প্রয়োজনীয় চিকিৎসাৰ উপৰি তেওঁলোকক গৰম কাপোৰ আৰু গৰম খাদ্য প্রদান কৰা হৈছে। উদ্ধাৰ কৰা পর্যটকসকলে সেনাৰ কাম-কাজৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে।
ওখ পাহাৰীয়া অঞ্চলৰ সীমান্তৰ পহৰা দিয়াৰ উপৰি দুর্যোগ ব্যৱস্থাপনাৰ বাবে সেনা বাহিনী সদায় সষ্টম হৈ থাকে। ইয়াৰে কিছুমান শীতকালত অত্যধিক বৰফ পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত নিয়োজিত। এইবাৰো ইয়াৰ ব্যতিক্রম নাছিল।
পূব ছিকিমৰ উচ্চ অক্ষাংশত বৰফ তৰপ তৰপে জমা হৈছে। যাৰ বাবে তালৈ অহা পর্যটকসকলে এটাও বিন্দুও লৰচৰ কৰিব নোৱাৰিলে। বুধবাৰে নিশালৈকে ৮০০ লোকক উদ্ধাৰ কৰা হৈছে।
সেনাৰ সূত্ৰৰ মতে, পূব ছিকিমৰ কিছু অংশত এতিয়াও প্রায় ৩০০ পর্যটক আবদ্ধ হৈ আছে। শীঘ্ৰে উদ্ধাৰৰ প্রচেষ্টা চলোৱা হৈছে। বহু পর্যটকে কয় যে সেনা জোৱান দেখিলে বিপদ শেষ হৈ যাব যেন লাগে। ইফালে ছিকিমত এতিয়াও তুষাৰপাতৰ কঠিন পৰিস্থিতিত ত্রিশক্তি কৰ্পছে উদ্ধাৰৰ কাম অব্যাহত ৰাখিছে।
- Log in to post comments