"মা-দেউতা মোক তোমালোকে ভুল নুবুজিবা।"এইবাৰ কলম এৰি বন্দুক ধৰিলে এজন সাংবাদিকে.........

ULFA

এইবাৰ আলফা স্বাধীনলৈ গ’ল নাহৰকটীয়াৰ সংবাদকৰ্মী। এখন দৈনিক বাতৰিকাকতৰ সংবাদদাতা আছিল নাহৰকটীয়াৰ স্থানীয় সংবাদদাতা বিদ্যুৎ মহন্ত। আলফা স্বাধীনলৈ যোৱা প্ৰায় ১ ঘণ্টাৰ পূৰ্বে এক দীঘলীয়া ফেচবুক পষ্ট কৰিছিল সংবাদদাতা বিদ্যুৎ মহন্তই।

fb

তেওঁ পিতৃ-মাতৃ, পত্নী-সন্তানৰ লগতে বন্ধু-বান্ধৱকো সম্বোধন কৰিছে সেই পোষ্টটোত। তেওঁ পোষ্টটোত লিখিছে - ‘‘মা-দেউতা মোক তোমালোকে ভুল নুবুজিবা। এই সময়ত তোমালোকক এনেদৰে এৰি অহাৰ বাবে হয়তো আন বহুতৰ দৰে তোমালোকেও পুত্ৰ দায়িত্বৰ পৰা পলায়ন কৰা বুলি ভাবিব পাৰা। প্ৰকৃততে তেনে নহয়। আমাৰ হাতত সময় তেনেই তাকৰ। বোধকৰোঁ তোমালোকে কথাবোৰ বুজিবা। দেশৰ স্বাধীনতাৰ সংগ্ৰামত জপিয়াই পৰিবলৈ গুচি আহিলোঁ মই। স্বদেশ-স্বজাতিৰ মুকুতিৰ বাবে নিজ সন্তানক উচ্ছৰ্গা কৰিব পৰাটো গৌৰৱ আৰু সৌভাগ্যৰ কথা। এই সৌভাগ্য সকলো পিতৃ-মাতৃয়ে লাভ নকৰে৷ তোমালোকে কৰিছা সেয়েহে, আজি নহ’লেও কাইলৈ তোমালোক গৌৰৱাম্বিত হ’বা।’’

লগতে লিখিছে, ‘‘হিয়া, আজিৰ পৰা মা-দেউতা আৰু আৰোহণৰ দায়িত্ব তোমাৰ ওপৰত এৰিলোঁ। সি ফুটবল খেলি ভাল পাই, তাক নিয়মিতভাৱে ফুটবল প্ৰশিক্ষণলৈ নিবলৈ চেষ্টা কৰিবা। মই জানো তুমি সহজ ভাৱে ল’ব নোৱাৰিবা। কিন্তু মোৰ বিশ্বাস আছে তুমি পাৰিবা, তুমি সাহসী মই জানো, গতিকে পাৰিবা। মোক লৈ বেজাৰ কৰি নাথাকিবা, জীৱনটোত আগুৱাই যাবা। মম’ই দেউতা ক’ত গ’ল সুধিলে ক’বা দেশৰ বাবে, বিদেশীৰ কবলৰ পৰা আমাৰ হেৰুৱা স্বাধীনতা ঘুৰাই আনিবলৈ স্বাধীনতা যুঁজলৈ যোৱা বুলি তাক পাৰিলে বুজাই দিবা। শেষত যদি পাৰা মোক ক্ষমা কৰি দিবা।’’

Category
Profile picture for user UB Photos