মিজোৰামৰ ভোট গণনাৰ দিন সলনি! ৩ ডিচেম্বৰৰ সলনি ৪ ডিচেম্বৰতহে হ’ব ভোট গণনা.........

ELECTION

মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন সলনি কৰা হৈছে। এই ঘোষণা কৰিলে দেশৰ নিৰ্বাচন আয়োগে। আয়োগে জনোৱা অনুসৰি, ৩ ডিচেম্বৰৰ সলনি ৪ ডিচেম্বৰতহে ভোট গণনা হ’ব মিজোৰামত। মিজোৰামত মুঠ ভোটাৰৰ সংখ্যা ৮.৫৭ লাখৰো অধিক। এইবাৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৭৪গৰাকী।

উল্লেখ্য যে, ভোট গণনাৰ দিন সলনিৰ অনুৰোধ জনাইছিল বিভিন্ন দল-সংগঠনে আৰু তাৰ- পিছতে দল-সংগঠনৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচন আয়োগে। 

কিন্তু মিজোৰামত ভোটগণনাৰ তাৰিখ পৰিৱৰ্তন হ’লেও বাকী চাৰি ৰাজ্যত ভোটগণনাৰ তাৰিখৰ কোনো পৰিৱৰ্তন হোৱা নাই। মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাত ৩ ডিচেম্বৰত হ’ব ভোটগণনা। এই ভোট গণনাত কোনো পৰিৱৰ্তন অনা হোৱা নাই।
 

Category
Profile picture for user UB Photos