গুলীচালনা নে আন কিবা? দীপাৱলীৰ আনন্দৰ মাজতে দিছপুৰ বিধায়ক আৱাসৰ চৌহদত গুলীৰ শব্দ!.....

firing

দীপাৱলীৰ আনন্দৰ মাজতে মহানগৰীত সংঘটিত ভয়ংকৰ ঘটনা। মহানগৰীৰ ৰাজধানী দিছপুৰস্থিত বিধায়ক আৱাস চৌহদত গুলীৰ শব্দ। দেওবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত বিধায়ক আৱাসৰ C ব্লকৰ সমীপত এই ঘটনাটো সংঘটিত হৈছিল। আবাসৰ বেৰত গুলীসদৃশ চিহ্নক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰথম মহলাৰ বেলকনিত দেখা গৈছে এই গুলীৰ চিহ্ণ। জানিব পৰা মতে, এই আৱাসৰ C ব্লকতে থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী,দেৱব্ৰত শইকীয়া,ৰফিকুল ইছলামকে ধৰি কেইবাগৰাকী বিধায়ক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষী।

আনহাতে, এই সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই যে এয়া বুলেটৰে চিহ্ণ নে আন কিবা! VVIP জ’নত সংঘটিত এই ঘটনাৰ পিছত সৰ্বত্ৰে প্ৰতিক্ৰিয়া।

Category
Profile picture for user UB Photos