পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমীয়া যুৱক! কৰ্মৰ সন্ধানত বহিঃৰাজ্য লৈ গৈছিল যুৱকজন.......

missing

পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক। কৰ্মৰ সন্ধানত গৈ বহি:ৰাজ্যত সন্ধাহীন  মুকালমুৱাৰ গংগাপুৰ গাঁওৰ এজন যুৱক। মুকালমুৱাৰ গংগাপুৰৰ ইছলাম আলীৰ পুত্ৰ ছফিকুল আলী নামৰ এজন যুৱকে পাচ বছৰ পূৰ্ৱে কৰ্মৰ সন্ধানত গৈছিল হায়দাৰাবাদলৈ। 

উল্লেখ্য যে, হায়াদাৰাবাদত কোম্পানীত  কৰ্মসূত্ৰে যোৱাৰ পথত এবছৰ ধৰি পৰিয়ালৰ লোকৰে বিচ্ছিন্ন হৈ আছে সংযোগ। যাৰ বাবে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ছফিকুলৰ পৰিয়ালৰ মাজত। 

জানিব পৰা মতে, পাঁচ বছৰ পূৰ্ৱে একেই গাঁৱৰে মেৰাজুল নামৰ যুৱক এজনৰ লগত হায়দাৰাবাদলৈ কাম কৰিবলৈ গৈছিল ছফিকুল। কিন্তু যোৱা এবছৰে পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন যুৱকজনৰ। যুৱকজনৰ সন্ধানহীনতাত এতিয়া হাহাকাৰ কৰিছে পৰিয়ালটোৱে।

চাৰিওফালে সন্ধান কৰিও কোনো খবৰ নোপোৱাত মুকালমুৱা আৰক্ষীৰ কাষ চাপিছে পৰিয়ালটোৱে। লগতে কোনো লোকে সন্ধান পালে 8822954776 নম্বৰত যোগাযোগ কৰিবলৈ ও  আহ্বান জনাইছে।

Category
Profile picture for user UB Photos