আৰক্ষীৰ জালত জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱ, সাপৰ চোৰাং ব্যৱসায়ৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা সৈতে জড়িত থকাৰ অভিযোগ....

elvish

আৰক্ষীৰ জালত জনপ্ৰিয় ইউটিউবাৰ তথা BIGG BOSS OTTৰ বিজেতা এলভিছ যাদৱ। এক পাৰ্টীত জব্দ ৯ডাল কৈ বিষাক্ত সাপ। সেই বিষাক্ত সাপৰ সৈতে পাৰ্টী আছিল একাংশ যুৱক আৰু বিদেশী যুৱতী। এই পাৰ্টিত ৫ডাল কোব্ৰাৰ লগতে দুটা দুমূৰীয়া সাপ, এটা ৰঙা সাপ আৰু এডাল অজগৰ উদ্ধাৰ কৰা হয়।

এই ঘটনা সংঘটিত হৈছে নয়দাত। আৰক্ষীৰ তথ্যত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য। আৰক্ষীৰ অভিযোগ অনুসৰি, জনপ্ৰিয় ইউটিউবাৰ তথা BIGG BOSS OTTৰ বিজেতা এলভিছ যাদৱে বিদেশী যুৱতীৰ সৈতে কৰা পাৰ্টীত সুৰাপানৰ লগতে বিষাক্ত সাপৰ বিষ সেৱন কৰিছিল। বৰ্তমান আৰক্ষীয়ে ৬ জনক কৰিছে গ্ৰেপ্তাৰ।

elvish

আনহাতে এই পাৰ্টীৰ বাবে সাপৰ বিষ যোগান ধৰা ছয়জন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিষাক্ত সাপ আৰু বিষ যোগানৰ বাবে লৈছিল বৃহৎ পৰিমাণৰ ধন। পশু কল্যাণ বিষয়া গৌৰৱ গুপ্তাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগে চলাইছিল অভিযান। 

আৰক্ষী আৰু বন বিভাগৰ অভিযানতেই পোহৰলৈ আহিছে নিশাৰ আন্ধাৰত সংঘটিত এই ভয়ংকৰ পাৰ্টীৰ ঘটনা। ইতিমধ্যে বন বিভাগে বন জীৱ সংৰক্ষণ আইন ১৯৭২ৰ অধীনত ৰুজু কৰিছে গোচৰ।

ইয়াৰ পূৰ্বেও বিষাক্ত সাপৰ সৈতে ভিডিঅ’ শ্বুট কৰিছিল এলভিছ যাদৱে। সেই ভিডিঅ’ আপলোডো কৰিছিল নিজৰ ইউটিউব চেনেলত। তাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আটাইকেইডাল সাপ আৰু সাপৰ বিষ জব্দ কৰিছে আৰক্ষীয়ে।

Category
Profile picture for user UB Photos