
সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে তেজপুৰত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তেজপুৰৰ শ'লমাৰাস্থিত সেনা ছাউনীত সেনাজোৱান সকলৰ সৈতে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দেশ সেৱাত নিয়োজিত সেনা জোৱানৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যৰেই এই কাৰ্যসূচী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।
মঙলবাৰে টাৱাঙলৈ ৰাওনা হ'ব ৰাজনাথ সিং। টাৱাঙত সেনা জোৱানসকলৰ সৈতে বিজয়া দশমী আৰু দশেৰাৰ অনুষ্ঠানত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
Category
- Log in to post comments